সেউজী ধৰণী ধুনীয়া

চোৱাচোন...
দূৰণিত সেইচপৰা কলীয়া ডাৱৰ...
অট্টহাস্যৰ ব্যংগৰূপ আজি আৰু নাই..
মানব প্ৰজাতিৰ নিষ্ঠুৰতাই আজি
নিষ্ঠুৰ ভাবেই দংশিলে সিহঁতৰ
সদা ক্ৰুদ্ধ বিবেকক...
মহাবৃষ্টিৰ বন্যা পেলাই
সিহঁত আজি ক্ৰন্দনৰত...
কুঁহিপাঠত প্ৰকাশিত
টকলা পাহাৰ বকৰা মাটি
আজি সত্যতাৰ দিশে ধাৱমান ।।

হায় জননী... এয়াই তোমাৰ সৃষ্টিনে...??
এটা সৃষ্টিৰ পন্য সমাজত
আন এটাৰ সত্তা হৰণ...
আদিম বন্যতাৰ প্ৰকোপ,
পশুত্বৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত
মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান...
এয়াই আছিল নে জননী... তোমাৰ সপোন...??

হায় প্ৰকৃতি... এয়াই তোমাৰ দাননে...??
যাৰ শৰণত তোমাৰ সকলো,
সেই বুদ্ধিমত্তা প্ৰজাতিৰ মাতালতাত
তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন....
তোমাৰ মমতাৰ ভঁৰালত
বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও
আজি তুমি নিমাত....
সদা সুফলা সেউজী ধৰণীৰ
তুমি যি সপোন ৰচিছিলা
সেই সপোনৰ অংশীদাৰীৰ স্বত্বত
এপাহি মৰহি যোৱা পদুমৰ বাহিৰে
তুমি পালাইবা কি....!!!

অইনৰ অজানিতে
মোৰ মনদৰ্পণত আজি প্ৰতিফলিত
তোমাৰ লোতকপুষ্ট চকুৰ কৰুণ দৃশ্য...
মোৰ কানত বাজিছে
তোমাৰ ৰণ হুংকাৰ...!!!

তোলা মাতৃ তোলা...
তোমাৰ কোমল অন্তৰ জগাই তোলা...
হানা মাতৃ হানা...
নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত
এক  নিষ্ঠুৰ প্ৰহাৰ হানা...!!!
নহলেযে মাতৃ...
ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব...
“সেউজী ধৰণী ধুনীয়া”...

নালাগে আমাক কংক্ৰিটৰ ঘৰ...
তোমাৰ মমতাৰ দানক নোজোখোঁ
আমি ৰূপৰ মুদ্ৰাৰে...
আমাক মাথো লাগে
“সেউজী ধৰণী ধুনীয়া”
আমি সমস্বৰে গাম মাথো
“সেউজী ধৰণী ধুনীয়া”   ।।

   Copyright Protected @ Biswajit Nath(িজত্)

No comments:

Post a Comment