মোক হেৰাই যাবলৈ নিদিবা


জীৱন যুদ্ধত থকাসৰকা হৈ
কেতিয়াবা মই থমকি ৰওঁ...!!
জীৱনৰ শুষ্ক অধ্যায়ৰ আখৰাত
হাতত আজি কলা তেজৰ চেকা..
কপালত প্ৰস্ফুটিত
নীপিড়িত চামৰ চিল মোহৰ...

মানৱ সত্তাৰ সেউজী ধৰাত
সোণালী ইতিহাস গঢ়াৰ সপোন...
কৰ্ম কৰিছোঁ... পাৰ্য্যমানে দিছোঁ...
দুহাত মেলি... বিচাৰিছোঁ মাথো
আপোনজনাৰ একাজলি চেনেহ...!!
যাৰ অস্তিত্বত প্ৰজ্বলিত হৈ ৰব
মোৰ জীৱন নাটৰ চাকিগছি....
যদিওবা হৈ পৰে... সকলো...
চিত্ত বিভ্ৰমহে মাথো...!!

Snap Shot: পানবজাৰ চাৰিআলি । Sunflower restaurant ৰ সন্মুখ । অপেক্ষাৰত... কাৰোবাৰ অস্তিত্বক সুঁৱৰিআগন্তুক সোমাই আহে... হাতত বগাৰ ওপৰত গুলপীয়া আক বাক থকা ছাতি এটা লৈ...  

প্ৰতিবাৰেই ভাবো...
এছাটি মলয়া বতাহ বব
কিন্তু মোৰ সপোন মষিমূৰ কৰি
আগন্তুক সোমাই আহে
ঘূৰ্ণীবতাহৰ ৰূপ লৈ...
তোমাৰ নামে জানো বহন নকৰে
চন্দ্ৰমাৰেই এটা অৰ্থ...!!
অমানিশাত কেতিয়াবা
দিক বিদিক্ হেৰুৱাই উজুটি খাই পৰিলে
নিদিবা জানো একাজলি দিপ্তী বিলাই...!!
প্ৰতিদানত তুমি বিচাৰিলে
এই বান্দাই হয়তো..
নিজৰ প্ৰাণটোও দিব...!!

Snap Shot: নিৰ্বাক হৈ বহি আছোঁ restaurantৰ টেবুলত মৃদুভাবে হাতৰ আঙুলি ফুটাই... সপোন সপোন যেন লগা কিছুমান কথা নিশব্দে শুনিছোঁ । কব খুজিছোঁ কিবা... কিন্তু কব পৰা নাই...!!

যাযাবৰ হৈ বহুত শিকিলোঁ
বহুতো বুজিলো...
কিন্তু প্ৰতিবাৰেই ধৰা দিয়ে
হৃদয় বিদাৰক হৈ
বিদায় শব্দটোৱে...
তুমি হয়তো নুবুজিবা ইয়াৰ মৰ্মাৰ্থ...
সেয়ে কৈছোঁ...
নকৰিবা কেতিয়াও এই শব্দৰ প্ৰয়োগ
মষিমূৰ কৰি নেপেলাবা
মোৰ ভগ্ন হৃদয়ক...!!

নহলে হয়তো...
কোনোবা এটি কালসন্ধ্যাত
কলীয়া গোসাঁইৰ অব্যক্ত কৰুণ ৰাগিণীত
উটি বুৰি... এই অভাগা হেৰাই যাব...
সকলোৰে গতানুগতিকতাৰ প্ৰয়োজনৰ মাজত...!!

Snap Shot: হঠাতে প্ৰশ্ন এটা কানত ভাহি উঠিল...। হয় মই ভুল শুনা নাই । প্ৰশ্নটো সন্মুখৰ পিনৰ পৰাই আহিছে... মোলৈ চাই কি ভাবি আছা ইমানকৈ... খোৱা আকৌ... ঠাণ্ডা পৰি যাব”… হাঁহিলোঁ নিশব্দে...
       
       

        Copyright Protected @ Biswajit Nath(জিত্)

No comments:

Post a Comment