ৱেবচাইট, ব্লগ ইত্যাদি আৰু চাৰ্ছ ইঞ্জিন অপ্টিমাইজেশ্বন (Search Engine Optimization - SEO)


আজিকালি ইন্টাৰনেট বুলিলেই ব্লগ, ৱেবচাইট ইত্যাদিৰ পয়োভৰ। বিভিন্ন ভাষা, বিভিন্ন বিযয়ৰ ওপৰত কৌটি কৌটি ৱেবচাইট। কিন্তু, সকলোবোৰ ৱেবচাইটেই সমানেই জনপ্ৰিয় নে? সকলোবোৰ ৱেবচাইট গুগুল চাৰ্ছ কৰিলে বিছাৰি পোৱা যায়নে? নিশ্চয় নহয়। এক সফল ৱেবচাইটৰ আঁৰত আছে বহুতো উপস্থাপন পদ্ধতি। আপোনাৰ ৱেবচাইট বা ব্লগ সফল হবলৈ আপোনাৰ ৱেবচাইটো চাৰ্ছ ইঞ্জিন সমূহে সহজতে বিছাৰি পোৱা হবই লাগিব। লেখত লবলগীয়া চাৰ্ছ ইঞ্জিন সমূহ হ’ল,

  • Google
  • Bing
  • Yahoo
  • Yandex
  • Baidu
  • Goo
  • Sogou
  • Sosu
  • Youdao
  • 360

 আৰু বহুতো আছে, তাৰে কিছুমান স্পাম (Spam) থাকে।  যেনে কেতিয়াবা কিবা Software কম্পিউটাৰত সুমুৱালে Setup fileৰ লগত আপোনাৰ অজানিতে কিবা কেতিয়াও নাম শুনি নোপোৱা অদ্ভূত চাৰ্ছ ইঞ্জিন এটা আপোনাৰ Browserৰ Default Page হৈ যায়, যিটো আঁতৰাবলৈ আপুনি বহুতো যুদ্ধ বিগ্ৰহ কৰিবলগীয়া হয়।
লেখত লবলগীয়া চাৰ্ছ ইঞ্জিন সমূহে বিছাৰি পোৱা নোপোৱা নিৰ্ভৰ কৰে এই চাৰ্ছ ইঞ্জিন অপ্টিমাইজেশ্বন পদ্ধতিৰ ওপৰত।

দৰ্শনাৰ্থী: সফল ৱেবচাইট এটাৰ বাবে প্ৰয়োজন হয় দৰ্শনাৰ্থীৰ। যিমানেই অধিক দৰ্শনাৰ্থী সিমানেই সফল। এই দৰ্শনাৰ্থী দুই ধৰণৰ,
ক) Direct: এইধৰণৰ দৰ্শনাৰ্থী মানে হয়তো তেখেতক আপুনি বা আন কোনোবাই ৱেবচাইট ঠিকনাটো দি সেইটো চাবলৈ মাতি লৈ আহিছে। এইধৰণৰ দৰ্শনাথী সকলোবোৰ আচলতে আমাৰ বাবে কামৰ নহয়। বিশেষকৈ সেইবোৰ, যিবোৰে অনিচ্ছা স্বত্তেও, মাতিছে যিহেতু এবাৰ চাওঁচোন বাৰু কিনো মহাভাৰতখন লিখিছে বুলি আহে। সাধাৰণতে এই Direct দৰ্শনাৰ্থীবোৰৰ ৩০-৪০% মানহে আগ্ৰহেৰে চাবলৈ আহে, ইয়াৰে কিছুমানৰ হয়তো খুব ভাল লাগি Bookmark  কৰি লব পাৰে। যি কি নহওক, এই Direct দৰ্শনাৰ্থীবোৰ on page SEOৰ অংশ নহয়।
খ) Organic: এইধৰণৰ দৰ্শনাৰ্থী আমাৰ বাবে খুবেই প্ৰয়োজনীয়। এওঁলোক আহে তথ্যৰ সন্ধানত একো একোটা চাৰ্ছ ইঞ্জিনৰ পৰা। এওঁলোকৰ বাবেই প্ৰয়োজন হয় চাৰ্ছ ইঞ্জিন অপ্টিমাইজেশ্বন পদ্ধতিৰ।
এই বিষয়ত কিঞ্চিত পৰিমানৰ হলেও আভাস দিবলৈ এক চেষ্টা চলালোঁ,

১) Meta Tag:  এই Meta Tag বোৰ এটা ৱেবচাইটৰ কাৰণে অতিকৈ আৱশ্যকীয়। এই Meta Tag বোৰেই চাৰ্ছ ইঞ্জিন সমূহক ৱেবচাইটো পৰিচয় কৰাই দিয়ে। ৱেবচাইটোৰ নাম কি, তাত কি আছে, কি ভাষাত, কোনে কথাবোৰ লিখিছে ইত্যাদিবোৰ এই Meta Tagই কয়। কেইটামান Meta Tag তলত উল্লেখ কৰিলোঁ,  

  • Title Meta Tag: এই Meta Tagএ ৱেবচাইটোৰ নাম কি জনায়।

কেনেকৈ লিখে: <title>Title of your website</title>

  • Description Meta tag: এই Meta Tagএ ৱেবচাইটোত বিষয়ে থুলমুলকৈ জনায়।

কেনেকৈ লিখে: <meta name="description" content="Your Website's Description Here">

  • Keywords Meta tag: এই Meta Tagএ ৱেবচাইটোত কি আছে জনায়।

কেনেকৈ লিখে: <meta name="keywords" content="Keyword1, Keyword2, Keyword3, Keyword4, Keyword5, Keyword6, Keyword7, Keyword8">

  • Author Meta Tag: এই Meta Tagএ ৱেবচাইটোৰ তথ্যবোৰ কোনে লিখিছে জনায়।

কেনেকৈ লিখে: <meta name="author" content="Author Name ">

আৰু বহুতো আছে, আটাইবোৰ ইয়াত লিখা সম্ভৱ নহয়।

২) Robot.txt: এই Robot.txtয়ে চাৰ্ছ ইঞ্জিন Bot বোৰ পৰিচালনা কৰে। এই Robot.txtয়ে
চাৰ্ছ ইঞ্জিন Bot বোৰক কোনবোৰ পৃষ্ঠা Crawl কৰিব লাগে সেই বিষয়ে জনায়। সেইমতেই চাৰ্ছ ইঞ্জিন Bot বোৰৰে Webpageসমূহ লুটিয়াই চায়। আৰু তথ্যসমৃদ্ধ পৃষ্ঠাবোৰ Index কৰি থয়।
উদাহৰণ স্বৰূপে-
User-agent: *
Disallow: /search
Allow: /
বহলাই কবলৈ গ'লে,
User-agent: * মানে প্ৰতিটো চাৰ্ছ ইঞ্জিনৰ বাবে প্ৰযোজ্য
Disallow: /search মানে ৱেবচাইটৰ ভিতৰত থকা label সমূহ বহিৰ্ভূত কৰা হৈছে
Allow: / মানে ওপৰোক্ত খিনিৰ বাহিৰে বাকী তথ্য Index কৰিব পাৰে।

৩) Sitemap.xml : এই Sitemap.xml হৈছে আপোনাৰ ৱেবচাইটত থকা পৃষ্ঠাসমূহ তথা ইয়াৰ বিভিন্ন লিংকসমূহৰ তালিকা। এই Sitemap.xmlএ web crawler সমূহক ৱেবচাইটোত থকা তথ্যবোৰ সহজতে বিছাৰি লোৱাত সহায় কৰে। এই Sitemap.xml বিভিন্ন Webmaster Toolsৰ সহায়েৰে বিভিন্ন চাৰ্ছ ইঞ্জিনত জমা কৰি আপোনাৰ ৱেবচাইটৰ পৃষ্ঠাসমূহ Indexed হোৱাত সহায় কৰিব পাৰি।

৪) Backlink: এই Backlink বোৰ এটা ৱেবচাইটৰ বাবে খুবেই দৰকাৰী। অৱশ্যে ৱেবচাইট ডিজাইনৰ লগত ইয়াৰ সম্পৰ্ক নাই। Backlink বোৰ হ’ল আন ৱেবচাইটত থকা আপোনাৰ ৱেবচাইট ঠিকনা। এই Backlink বোৰ বিভিন্ন অনলাইন ফৰামৰ জড়িয়তে সহজেই সৃষ্টি কৰিব পাৰি। বিভিন্ন ৱেবচাইট বা ফৰামত আপুনি মতামত প্ৰদান কৰোতে যদি শেষত আপোনাৰ ৱেবচাইট ঠিকনাটো ব্যৱহাৰ কৰে, তাৰ পৰাই আপোনাৰ ৱেবচাইটলৈ বুলি Backlink একো একোটাৰ সৃষ্টি হয়। অৱশ্যে এই মতামতসমূহ যুক্তিসন্মত হোৱা উচিত।

৫) Directory Submission:  বিভিন্ন Web Directoryত আপোনাৰ ৱেবচাইটো জমা কৰি দৰ্শনাৰ্থীৰ সংখ্যা বঢ়াব পাৰে। এনেকুৱা উল্লেখনীয় Web Directory হ’ল Technorati, Indiblogger ইত্যাদি । আৰু বহুতো আছে।

৬) Social Share: আজিৰ ইন্টাৰনেটৰ পৃথিৱীত আটাইতকৈ উল্লেখনীয় দিশটো হ’ল এই Social Networking Siteবোৰ। প্ৰতিজন ইন্টাৰনেট উপভোক্তাই এই Social Networking Siteবোৰ ব্যৱহাৰ কৰে। এইসমূহৰ জড়িয়তে আপোনাৰ দৰ্শনাৰ্থীৰ সংখ্যা বঢ়াব পাৰে। Facebook, Twitter, Google+, Tumblr, Stumbleupon, Pinterest ইত্যাদিৰ জড়িয়তে আপোনাৰ ৱেবচাইটৰ কাৰণে এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব পাৰি। যাৰ সহায়ত এটা লিখনি Share কৰিয়েই আপুনি পাব পাৰে সহস্ৰাধিক দৰ্শনাৰ্থী।

৭) Link Sharing: বিভিন্ন Link Sharing ৱেবচাইটত আপোনাৰ ৱেবচাইটৰ তথ্যসমৃদ্ধ Link সমূহ জমা কৰিও সুফল লাভ কৰিব পাৰে। এনে উল্লেখনীয় ৱেবচাইট দুটা হ’ল Reddit  আৰু  Digg. এইবোৰ ৱেবচাইট ব্যৱহাৰকাৰী কৌটিৰো অধিক। গতিকে আপোনাৰ এটা আকৰ্ষণীয় লিখনিয়ে লাভ কৰিব সহস্ৰাধিক দৰ্শনাৰ্থী।

আৰু বহুতো কবলগীয়া থাকি গ’ল। অনাগত দিনত আকৌ এনেকুৱা কিছুমান কথাৰে আপোনাসৱৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ।

আপোনাৰ ব্লগ, ৱেবচাইট ইন্টাৰনেটৰ বিশাল পৃথিৱীত জিলিকি ৰওঁক।
তাৰেই কামনাৰে - -  বিশ্বজিৎ নাথ