স্পন্দন








মনত পৰেনে ঊৰ্মিমালা

মনত পৰেনে ঊৰ্মিমালা...
সোমৰস এপিয়লা ’ নাটৰ অন্তিম দৃশ্যটি..
শপথ খুৱাইছিলা...
সুৰাত মগন ভয়াল ৰাতি
আকৌ নেগাও বুলি...
সেয়া নাট বুলি ভাবিয়ে আজি...
.......অতীত ৰোমন্থন কৰিছোঁ...
এপিয়লা সোমৰসত ডুবি...
এয়াই মোৰ সান্তনা...
....সেয়া আছিলে এখনি একাঙ্কিকা নাট..!!
আজি তুমি আহিবানে...
মোৰ ক্ষুধাৰ্ত কণ্ঠক ৰুধিবলৈ...!!

মনত পৰেনে ঊৰ্মিমালা...
দীঘলী পুখুৰীৰ সেই আবেলি..
তোমাৰ কোলাত মুৰ থৈ আওৰাইছিলোঁ...
ৰসৰাজৰ প্ৰিয়তমাৰ দুফাকি....!!
জানানে.. কবিতাটিয়ে আজিকালি
.....মোৰ পিনে চাই মুখ ভেঙুচিয়াই...
..........তুমিযে নাই.....!!
বিনিদ্ৰ ৰজনীত কেতিয়াবা...
মাউথ অৰ্গানৰ বুকুত ঘূৰ্ণীবতাহৰ সৃষ্টি কৰি...
উৰিবলৈ চাও......... অতীতলৈ বুলি...
নোৱাৰোঁ............. জানানে.....
মোৰযে ডেউকাও ভাগিলে.....!!!

 তোমাৰ মনত পৰেনে....
চানমাৰিৰ উৰণীয়া সেতুত বহি
আকাশত পতা তৰাৰ ঘৰৰ কথা...
আজিও মই চলাও.....
........তাৰেই এক বৃথা চেষ্টা...
কিন্তু... মইযে ভাগৰি পৰো...
তৰাৰ ভৰ অকলে সহিব নোৱাৰি...
জানানে.... মইযে নিষ্ক্ৰিয় হৈ পৰিছোঁ...
................তুমিযে নাই.....!!

মনত পৰেনে ঊৰ্মিমালা....
ৰাজগড়ৰ প্ৰাচীন কালৰ গনেশ মন্দিৰ
.....আমি গঢ়া ভবিষ্যতৰ সপোন...!!
কালসন্ধ্যাত কাষৰ কুঁৱাটোলৈ জুমি চাওঁতেই
তুমিযে কৈছিলা.....নেপায় বুলি...
আজিও যাওঁ.......... তালৈ.....
অতীত ৰোমন্থন কৰিবলৈ......
........মোৰযে ভবিষ্যত নাই...!!
.........তুমিযে নাই.......!!!
        Copyright Protected @ Biswajit Nath(জিত্)


মই স্পন্দন হব নোৱাৰোঁ

তুমি হেনো আজিকালি গোলাপ ফুল ভাল পোৱা...
বও পাৰে...
আজিকালি হেনো তুমি গোলাপৰ দৰেই হাঁহি থাকা...
বতাহত পাহি ঢপলিয়াই নাচি বাগি ফুৰা...!!
মই কিন্তু গোলাপ ভাল নাপাওঁ...
ভোমোৰাই বৰকৈ আমনি কৰে...!!
ভাল পাওঁ মই শেৱালি ফুল...
তুমিওতো ভাল পাইছিলা শেৱালি ফুল বুটলি...
স্পন্দন হব নোৱাৰো মই...
সেয়ে শেৱালি ফুলজোপা আঁতৰাই 
তাত স্থান দিব নোৱাৰোঁ গোলাপক....!!!

তুমি হেনো আজিকালি কবিতা ভাল নোপোৱা...
বও পাৰে...
আজিকালি হেনো কবিতা লিখাটো
তোমাৰ দৃষ্টিত পগলামি...
একপ্ৰকাৰৰ   ‘Mental Disorder’...!!
মনত পৰেনে তোমাৰ...
সদায় নিশা আমনি কৰিছিলা ,
কবিতা এটি শুনোৱা বুলি...
“Were you totally insane then…?”
মই তুমি ভালপোৱাজন হব নোৱাৰিলোঁ...
সেয়ে কবিতাৰ ঠাইত স্থান দিব নোৱাৰিলোঁ
‘Paper Rose’ বা ‘Hallmark’ৰ শুভেচ্ছা পত্ৰক...!!
সেয়ে তোমাক ধৰি ৰাখিবও নোৱাৰিলোঁ....!!
তুমি আঁতৰি গলা..
তাতযে তোমাৰেই স্বাৰ্থ নিহিত...

মোৰ কথাবোৰে হেনো তোমাক আমনি কৰে..
কি কৰিবা..
মইতো স্পন্দন হব নোৱাৰো...!!
মৌ-বৰষা কিছু কথা কৈ
তোমাক ঘূৰাই আনিবও নোৱাৰো...!!
মই জীয়াই আছো মোৰ মাজতেই..
জিত’ হৈ...
জীয়াই আছো তোমাৰ অতীতক লৈ...
তোমাৰ বৰ্তমানক আওকাণ কৰি...
চোৱাচোন মই তোমাৰ দৰেও হব নোৱাৰিলোঁ...
সেয়ে তোমাক পাহৰিবও নোৱাৰিলোঁ...!!

পুঁৱতি নিশা চকামকা পোহৰত সাৰ পাই
এতিয়াও ওলাই আহোঁ...
তলসৰা শেৱালি জোপালৈ চাই
ভাবত বিভোৰ হৈ পৰো...
চকুৰ দৃষ্টিয়ে ঢুকি পোৱালৈকে চাও...
কিজানিবা তুমি আহি কৈ উঠা...
কি চাই আছা..
 যোৱা খৰাহিটো লৈ আহা
একেলগে ফুল বুটলোঁ...
         Copyright Protected @ Biswajit Nath(জিত্)


ব্যাধি


আকাশখন নীলা..
কিন্তু ক’তা..
মোৰ দৃষ্টিয়েচোন হালধীয়াহে দেখিছে..!!
চাৰিওপিনে মাথো হালধীয়া..
এৰা ইয়েইতো মোৰ ব্যাধি..
ভগ্ন হৃদয়ৰ কৰুণ ক্ৰন্দনৰ সতে তালে তাল মিলাই..
অমানিশাৰ শুপ্ত জোনটোৰ দিশে ধাৱমান হোৱা..
এয়া মোৰ মনৰ ব্যাধিনে...??
আস.. ইয়াতেই যে ভুলটো..
এয়াযে মোৰ পাৰ্থিৱ ব্যাধি..
নামেই যাৰ...
‘জণ্ডিছ (Jaundice) ’…!!!
       Copyright Protected @ Biswajit Nath(জিত্)



সেউজী ধৰণী ধুনীয়া



চোৱাচোন...
দূৰণিত সেইচপৰা কলীয়া ডাৱৰ...
অট্টহাস্যৰ ব্যংগৰূপ আজি আৰু নাই..
মানব প্ৰজাতিৰ নিষ্ঠুৰতাই আজি
নিষ্ঠুৰ ভাবেই দংশিলে সিহঁতৰ
সদা ক্ৰুদ্ধ বিবেকক...
মহাবৃষ্টিৰ বন্যা পেলাই
সিহঁত আজি ক্ৰন্দনৰত...
কুঁহিপাঠত প্ৰকাশিত
টকলা পাহাৰ বকৰা মাটি
আজি সত্যতাৰ দিশে ধাৱমান ।।

হায় জননী... এয়াই তোমাৰ সৃষ্টিনে...??
এটা সৃষ্টিৰ পন্য সমাজত
আন এটাৰ সত্তা হৰণ...
আদিম বন্যতাৰ প্ৰকোপ,
পশুত্বৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত
মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান...
এয়াই আছিল নে জননী... তোমাৰ সপোন...??

হায় প্ৰকৃতি... এয়াই তোমাৰ দাননে...??
যাৰ শৰণত তোমাৰ সকলো,
সেই বুদ্ধিমত্তা প্ৰজাতিৰ মাতালতাত
তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন....
তোমাৰ মমতাৰ ভঁৰালত
বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও
আজি তুমি নিমাত....
সদা সুফলা সেউজী ধৰণীৰ
তুমি যি সপোন ৰচিছিলা
সেই সপোনৰ অংশীদাৰীৰ স্বত্বত
এপাহি মৰহি যোৱা পদুমৰ বাহিৰে
তুমি পালাইবা কি....!!!

অইনৰ অজানিতে
মোৰ মনদৰ্পণত আজি প্ৰতিফলিত
তোমাৰ লোতকপুষ্ট চকুৰ কৰুণ দৃশ্য...
মোৰ কানত বাজিছে
তোমাৰ ৰণ হুংকাৰ...!!!

তোলা মাতৃ তোলা...
তোমাৰ কোমল অন্তৰ জগাই তোলা...
হানা মাতৃ হানা...
নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত
এক  নিষ্ঠুৰ প্ৰহাৰ হানা...!!!
নহলেযে মাতৃ...
ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব...
“সেউজী ধৰণী ধুনীয়া”...

নালাগে আমাক কংক্ৰিটৰ ঘৰ...
তোমাৰ মমতাৰ দানক নোজোখোঁ
আমি ৰূপৰ মুদ্ৰাৰে...
আমাক মাথো লাগে
“সেউজী ধৰণী ধুনীয়া”
আমি সমস্বৰে গাম মাথো
“সেউজী ধৰণী ধুনীয়া”   ।।
      Copyright Protected @ Biswajit Nath(জিত্)




মোক হেৰাই যাবলৈ নিদিবা


জীৱন যুদ্ধত থকাসৰকা হৈ
কেতিয়াবা মই থমকি ৰওঁ...!!

জীৱনৰ শুষ্ক অধ্যায়ৰ আখৰাত

হাতত আজি কলা তেজৰ চেকা..

কপালত প্ৰস্ফুটিত

নীপিড়িত চামৰ চিল মোহৰ...



মানৱ সত্তাৰ সেউজী ধৰাত

সোণালী ইতিহাস গঢ়াৰ সপোন...

কৰ্ম কৰিছোঁ... পাৰ্য্যমানে দিছোঁ...

দুহাত মেলি... বিচাৰিছোঁ মাথো

আপোনজনাৰ একাজলি চেনেহ...!!

যাৰ অস্তিত্বত প্ৰজ্বলিত হৈ ৰব

মোৰ জীৱন নাটৰ চাকিগছি....

যদিওবা হৈ পৰে... সকলো...

চিত্ত বিভ্ৰমহে মাথো...!!

Snap Shot: পানবজাৰ চাৰিআলি । Sunflower restaurant ৰ সন্মুখ । অপেক্ষাৰত... কাৰোবাৰ অস্তিত্বক সুঁৱৰি । আগন্তুক সোমাই আহে... হাতত বগাৰ ওপৰত গুলপীয়া আক বাক থকা ছাতি এটা লৈ...   



প্ৰতিবাৰেই ভাবো...

এছাটি মলয়া বতাহ বব

কিন্তু মোৰ সপোন মষিমূৰ কৰি

আগন্তুক সোমাই আহে

ঘূৰ্ণীবতাহৰ ৰূপ লৈ...

তোমাৰ নামে জানো বহন নকৰে

চন্দ্ৰমাৰেই এটা অৰ্থ...!!

অমানিশাত কেতিয়াবা

দিক বিদিক্ হেৰুৱাই উজুটি খাই পৰিলে

নিদিবা জানো একাজলি দিপ্তী বিলাই...!!

প্ৰতিদানত তুমি বিচাৰিলে

এই বান্দাই হয়তো..

নিজৰ প্ৰাণটোও দিব...!!

Snap Shot: নিৰ্বাক হৈ বহি আছোঁ restaurantৰ টেবুলত মৃদুভাবে হাতৰ আঙুলি ফুটাই... সপোন সপোন যেন লগা কিছুমান কথা নিশব্দে শুনিছোঁ । কব খুজিছোঁ কিবা... কিন্তু কব পৰা নাই...!!



যাযাবৰ হৈ বহুত শিকিলোঁ

বহুতো বুজিলো...

কিন্তু প্ৰতিবাৰেই ধৰা দিয়ে

হৃদয় বিদাৰক হৈ

বিদায় শব্দটোৱে...

তুমি হয়তো নুবুজিবা ইয়াৰ মৰ্মাৰ্থ...

সেয়ে কৈছোঁ...

নকৰিবা কেতিয়াও এই শব্দৰ প্ৰয়োগ

মষিমূৰ কৰি নেপেলাবা

মোৰ ভগ্ন হৃদয়ক...!!



নহলে হয়তো...

কোনোবা এটি কালসন্ধ্যাত

কলীয়া গোসাঁইৰ অব্যক্ত কৰুণ ৰাগিণীত

উটি বুৰি... এই অভাগা হেৰাই যাব...

সকলোৰে গতানুগতিকতাৰ প্ৰয়োজনৰ মাজত...!!

Snap Shot: হঠাতে প্ৰশ্ন এটা কানত ভাহি উঠিল... হয় মই ভুল শুনা নাই.. প্ৰশ্নটো সন্মুখৰ পিনৰ পৰাই আহিছে... মোলৈ চাই কি ভাবি আছা ইমানকৈ... খোৱা আকৌ... ঠাণ্ডা পৰি যাব”… হাঁহিলোঁ নিশব্দে...
       Copyright Protected @ Biswajit Nath(জিত্)



চাকি

মোৰ উৰুঙা পঁজাত আজিযে পোহৰৰ অভাব..
ঢিমিক্ ঢামাক চাকিৰ পোহৰ ফালি
আগুৱাই আহিব খুজিছে
এমোকোৰা এন্ধাৰ...!!
পৰা নাই....
জীৱনৰ শেষ ক্ষণলৈকে যুঁজিছে... চাকিটোয়ে...
নিজকে ৰিজাই চালো...
চাকিটোৰ লগত...
তাতেই বিচাৰি পালো...
মোৰ অস্তিত্বৰ সুবাস ।।
নিস্তব্ধতা ফালি গান এফাঁকি জুৰিছোঁ...
কোনোবা পলকত ৰাগিণীৰ চন্দপতন ঘটিল..
ৰূপান্তৰ হল ক্ৰন্দনলৈ...
চাকিটোলৈ চালো...
সি হাৰ মানিবলৈ উদ্যত...
আৰু এখনি যুঁজে পৰিসমাপ্তিৰ ক্ষণ গণিছে...
ভাবিছিলোঁ, মলয়া বতাহ বব...
কিন্তু... সেয়াযে ধুমুহাৰেই আগজাননী আছিল...
কোনোবা পলকত আহিল আৰু গ'ল...
সৃষ্টি কৰি থৈ গ'ল...
মুক্ত আকাশৰ তলত এক উন্মাদৰ...
চাকিটোও নুমাই থাকিল...
এতিয়া... সঙ্গী মাথো মোৰ...
'এন্ধাৰ' আৰু 'মোৰ সপোনৰ উৱলি যোৱা দলিচা' ।।
       Copyright Protected @ Biswajit Nath(জিত্)

প্ৰেম, মই আৰু কবিতা

মইতো প্ৰেমিক নাছিলো...
কিন্তু লিখিছিলো প্ৰেমৰ কবিতা...
বাস্তৱে জোকাইছিল...
তই প্ৰেমিক হৈ গ’লি...
জুখিছিলো নিজক প্ৰেমৰ মাপকাঠিৰে...
কবিতা লিখিয়েই যদি মই প্ৰেমিক...
হয়... মই প্ৰেমত পৰিছো...গভীৰভাবেই....!!!!
কিন্তু... মইতো প্ৰেমিক নাছিলো...
সূৰ্য্যাস্তৰ হেঙুলি আভাৰ পৰশত
মনতে যুকিয়াইছিলোঁ...
দিক্ বিদিক্ হেৰুওৱা কিছু প্ৰতিচ্ছবি...
পূৰ্ণাংগ ৰূপ লোৱা প্ৰতিমূৰ্ত্তিৰ বুকুত মুৰ থৈ
ভাবিছিলোঁ...
ৰজনীগন্ধাৰ সুবাসত মতলীয়া এই আবেলিৰ
পুণৰাবৃত্তি ঘটিবনে...!!!
জুখিছিলো নিজক প্ৰেমৰ মাপকাঠিৰে...
হয়... মই প্ৰেমত পৰিছো... গভীৰভাবেই....!!!!
কিন্তু.. মইতো প্ৰেমিক নাছিলোঁ...
নন্দন কাননৰ মায়াবী পৰশত মতলীয়া হৈ
যুকিয়াইছিলোঁ  ঊষা অনিৰুদ্ধৰ প্ৰেমৰ স্তৱক...!!
জীৱন্তে কবৰস্থ সপোনৰ সমাধিস্থলিত
অশ্ৰুৰ জোৱাৰত উটুৱাই দিছিলোঁ
......দুপাহি গোলাপ.....
বাস্তৱৰ নিষ্ঠুৰ প্ৰহাৰত
সিহঁত গুছি গৈছিল....
এটাই আনটোৰ বিপৰীতে...!!!
স্বপ্ন ভংগৰ নিৰ্মম মুহূৰ্ত্তত শয্যাগত হৈছিলোঁ...
সপোনৰ পুণৰাবৃত্তিৰ আশাত...!!!
প্ৰেমৰ ৰংগমঞ্চৰ এচুকত থিতাপি লওঁতেই
কানত বাজিছিল কলীয়া গোসাঁইৰ মুৰলীৰ
অব্যক্ত প্ৰেমৰ ৰাগিণী....!!
নৃত্যৰত অৱস্থাতে খেপিয়াই  চাইছিলোঁ
কাৰোবাৰ অস্তিত্বক আদৰি...
অদৃশ্য আত্মাৰ কামুক পৰশত
মই উন্মাদ হৈ পৰিছিলোঁ...!!!
সম্বিত ঘূৰাই পাই...
জুখিছিলো নিজক প্ৰেমৰ মাপকাঠিৰে...
হয়... মই প্ৰেমত পৰিছো... গভীৰভাবেই....!!!!
   Copyright Protected @ Biswajit Nath(জিত্)



তুমি নাই.... মোৰ অস্তিত্বও নাই....


কিদৰে জানো মেলিছিলোঁ....
মোৰ জীৱন যাত্ৰাৰ পাতনি...
পাহৰণিৰ গৰ্ভত জাহ গল যেনেই লাগে...!!
সেয়া কিন্তু অজানিতে নহয়...
স্ব-ইচ্ছাই কৰিছোঁ...
তাৰ আখৰা...!!
অতীতে যে মনলৈ ওভতাই আনে...
কিছু বেদনাই গৰকা ইতিহাস...

ভাবুক মনটোক শান্ত কৰিবলৈ চলাইছোঁ…
আপ্ৰাণ চেষ্টা...
তথাপিতো জানো সফল হৈছোঁ...??!!
কটা ঘাঁ এটুকুৰা লৈ
যুদ্ধ কৰা জানো সম্ভৱ...
অতীত আৰু ভৱিষ্যতৰ সন্ধিক্ষণতেই
জানো সৃষ্টি হোৱা নাই বৰ্তমানৰ...!!
সেয়ে... বৰ্তমানৰ বুকুত
তান্ডবলীলা চলাই থাকিলেও...
কেতিয়াবা অজানিতে খোজ দিও
অতীতৰ বুকুত...
আকৌ যে মই ভাগৰি পৰো...!!

জীৱনটোত তোমাক পোৱাৰ আনন্দত
মোৰ নয়ন যুগল...
প্ৰায়েই সিক্ত হৈ উঠে...
তুমিয়েই যে দিলা মোক...
নতুনকৈ জীৱন দান...!!
তুমিয়েই যে শিকালা...
আকৌ এবাৰ হাঁহিবলৈ...!!
জীৱন যুদ্ধৰ আখৰাত উজুটি খাই পৰোঁতেই...
তুমিয়েই যে দিলা...
হাতখনি আগবঢ়াই...॥

জানানে....
তোমাৰ দানক মই জুখিব নোৱাৰোঁ
মানৱ সত্তাৰ পনীয়া সমাজৰ
একো এটা মাপ কাঠীৰেই...!!
প্ৰতিদানত দিবলৈ এই ভিকহুৰ সঁচাকৈ
একোয়েই নাই...
চিৰ ধৰুৱা হৈ ৰম...
তোমাৰ ওচৰত.... সঁচাকৈ....॥

তথাপিতো কেতিয়াবা মোৰ ভাবুক মনটোত
জোকাৰণি অনুভৱ হয়...
জানোচা... কেতিয়াবা...
তুমি অতীত হৈ যোৱা....!!
জানোচা... কেতিয়াবা...
এই বিশাল আকাশৰ তলত...
সৃষ্টি কৰি থৈ যোৱা এক উন্মাদৰ...

কিন্তু... কিন্তু....
মই জানো তোমাক অতীত হৈ যাব দিম...
মইয়েই তোমাক কোৱা নাছিলো জানো...
অতীত আৰু ভবিষ্যতৰ সন্ধিক্ষণেই হল বৰ্তমান...
তোমাৰ অবিহনে জানো মই
আগুৱাই যাম....
ভবিষ্যতলৈ বুলি...!!
তুমি নাই...
মোৰ ভবিষ্যতো নাই...
শেষ হৈ যাম...
বৰ্তমানক সঙ্গী কৰি লৈ...!!
মইযে তোমাক অতীত কৰিব নোৱাৰোঁ...॥ 
    Copyright Protected @ Biswajit Nath(জিত্)



বিয়লি-বেলাত অশ্ৰুকণাৰ বিলৈ

দুনয়নত অশ্ৰুকণাৰ অনৰ্গল সোঁত...
এয়া যেন আজি এক জীৱন্ত মন্দাকিনী...!!
যাৰ পানী যুৱলিত বহি
সুখত আত্মহাৰা হৈছে তোমাৰ মনৰ পেশী...!!
মোৰ অশ্ৰুকণাক জলাঞ্জলি দিবলৈ...
তুমি জয়ধ্বনি বজাইছা....!!
মোৰেই ঘৰ, মোৰেই দুৱাৰ…
মোৰ ওচৰতেই গৰিমা গীতি...
সকলো ধৰি মোৰেই বেশ...
মোক নিঠৰুৱা কৰি...
কৰি পেলালা নিঃশেষ...!!
তেই যি ভাল ফুল পোৱা
তাকেই বুটলি লোৱা....
নিজৰ সাৰ-পানী নোহোৱা জোপালৈ চালে,
তোমাৰ দৃষ্টিপটত চামনি পৰে...॥

চাবা... অশ্ৰুকণাৰ অনৰ্গল সোঁত
চিৰদিন বৈ থাকিব....
সি তোমাৰ নিষ্ঠুৰ পঁজাক এদিন
নিশ্চয় উটুৱাই লৈ যাব...!!
অশ্ৰুকণাৰ চাকনৈয়াত পৰি...
তুমি যেতিয়া দিশহাৰা হবা...
তোমাৰ পদুমৰ পাপৰিবোৰ যেতিয়া
অনাশ্ৰয়ৰ আশংকাত পৰিব....
তেতিয়া.... তেতিয়াও নবজাওঁ মই জয়ধ্বনি...
তেতিয়াও মোৰ মন্দাকিনীৰ সোঁতত বৈ থাকিব...
ভক্তিৰ নিজৰা..... আশীষ বানী....
সদায়ে.... আৰু সেয়া....
সেয়াও মাথো তোমালৈয়ে...........॥
       Copyright Protected @ Biswajit Nath(জিত্)



প্ৰলয়

অনুকৃতি ক্ৰিয়েশ্বন....
আজি নীৰৱ..... নিস্তব্ধ....!!
নিয়তিয়ে আজি অৱহেলা কৰিলে...
ঠিক উৱলি যোৱা বাঁহৰ মাজত অস্তিত্ব লভা
সাঁকোখনৰ দৰেই.....!!

দৃষ্টি পটত ভাহিছে....
ভগ্ন হৃদয়ৰ কৰুণ ক্ৰন্দনৰত দৃশ্য...
স্মৃতি পটত নিখোজ...
নষ্টালজিয়া অলংকৃত আবেলিবোৰ....!!
চুৰটৰ উষ্ম আদৰণিৰ মাজত...
.......পাক-ঘূৰণি খোৱা
সেই লড শ্বেডিঙৰ সন্ধিয়াবোৰ....!!
যাৰ তালে তালে
এজাক ৰঙীন পখিলাৰ উন্মাদনাত
      উন্মাদপ্ৰায় হৈছিল...
সেই HDFC বেংকৰ তিনিআলিটো....
কিন্তু ভুলটো আমি তাতেই কৰিলোঁ...
সিঁহতযে কবিৰ কাব্যিক মনত প্ৰাণ পোৱা
         পখিলা নহয়....!!
সিঁহত অত্যাধুনিক পখিলা......
যাৰ ৰঙত আজিযে কাব্যিক পখিলাও মাতাল....!!

অভাব.... অভাব.....
অভাবে জোকাৰি গৈছে অনুকৃতি ক্ৰিয়েশ্বন...
দাৰ্শনিকৰ দৰে জুমি চালোঁ....
ইয়াৰ নামেই চোন ডেষ্টিনী....!!
কিন্তু... কিন্তু.... মনযে অস্থিৰ...
অদূৰত সেই চপৰা কলীয়া ডাৱৰ....
সি অট্টহাস্য কৰিছে....
....যেন সি ৰক্তবীজৰ বংশধৰ...
আমাৰ তুচ্ছ মানৱীয়তাৰ লগত তাৰ তুলনা নাই...
ৰৌদ্ৰ প্ৰলয়ৰ ঝংকাৰ তুলি
আজি ৰনশিঙা বাজিছে...
প্ৰলয়.... প্ৰলয়....
এয়া মহাপ্ৰলয়ৰ আগজাননী....॥
       Copyright Protected @ Biswajit Nath(জিত্)