হ’বও পাৰে...
আজিকালি হেনো তুমি গোলাপৰ দৰেই হাঁহি থাকা...
বতাহত পাহি ঢপলিয়াই নাচি বাগি ফুৰা...!!
মই কিন্তু গোলাপ ভাল নাপাওঁ...
ভোমোৰাই বৰকৈ আমনি কৰে...!!
ভাল পাওঁ মই শেৱালি ফুল...
তুমিওতো ভাল পাইছিলা শেৱালি ফুল বুটলি...
স্পন্দন হব নোৱাৰো মই...
সেয়ে শেৱালি ফুলজোপা আঁতৰাই
তাত স্থান দিব নোৱাৰোঁ গোলাপক....!!!
তুমি হেনো আজিকালি কবিতা ভাল নোপোৱা...
হ’বও পাৰে...
আজিকালি হেনো কবিতা লিখাটো
তোমাৰ দৃষ্টিত পগলামি...
একপ্ৰকাৰৰ ‘Mental Disorder’...!!
মনত পৰেনে তোমাৰ...
সদায় নিশা আমনি কৰিছিলা ,
কবিতা এটি শুনোৱা বুলি...
“Were you totally insane then…?”
মই তুমি ভালপোৱাজন হব নোৱাৰিলোঁ...
সেয়ে কবিতাৰ ঠাইত স্থান দিব নোৱাৰিলোঁ
‘Paper Rose’ বা ‘Hallmark’ৰ শুভেচ্ছা পত্ৰক...!!
সেয়ে তোমাক ধৰি ৰাখিবও নোৱাৰিলোঁ....!!
তুমি আঁতৰি গ’লা..
তাতযে তোমাৰেই স্বাৰ্থ নিহিত...
মোৰ কথাবোৰে হেনো তোমাক আমনি কৰে..
কি কৰিবা..
মইতো স্পন্দন হব নোৱাৰো...!!
মৌ-বৰষা কিছু কথা কৈ
তোমাক ঘূৰাই আনিবও নোৱাৰো...!!
মই জীয়াই আছো মোৰ মাজতেই..
‘জিত’ হৈ...
জীয়াই আছো তোমাৰ অতীতক লৈ...
তোমাৰ বৰ্তমানক আওকাণ কৰি...
চোৱাচোন মই তোমাৰ দৰেও হব নোৱাৰিলোঁ...
সেয়ে তোমাক পাহৰিবও নোৱাৰিলোঁ...!!
পুঁৱতি নিশা চকামকা পোহৰত সাৰ পাই
এতিয়াও ওলাই আহোঁ...
তলসৰা শেৱালি জোপালৈ চাই
ভাবত বিভোৰ হৈ পৰো...
চকুৰ দৃষ্টিয়ে ঢুকি পোৱালৈকে চাও...
কিজানিবা তুমি আহি কৈ উঠা...
“কি চাই আছা..
যোৱা খৰাহিটো লৈ আহা
একেলগে ফুল বুটলোঁ...”
Copyright Protected @জিত
hundor kobita, bhal lagil..
ReplyDelete