('আমি অসমীয়া-মাহেকীয়া অসমীয়া ই আলোচনী'ৰ ২০১২-এপ্ৰিল সংখ্যাত প্ৰকাশিত - www.amiasomiya.org)
শেষ বিচাৰৰ দিন। ২০১২ চনৰ ২১ ডিচেম্বৰ দিনটোত পৃথিৱী ধ্বংস হব। হয়, ৫১২৬ বছৰীয়া মায়া কেলেণ্ডাৰত অন্তিম দিন হিচাপে খোদিত হৈ আছে ২০১২ চনৰ এই ২১ ডিচেম্বৰ দিনটো।
মায়া সভ্যতানো কি ?
মেক্সিকান ৰাষ্ট্ৰৰ আশে পাশে তথা মধ্য আমেৰিকাৰ পৰা হন্দুৰাছ লৈকে বিস্তৃত মায়া সভ্যতা কাৰ্বন পৰীক্ষা অনুসৰি ২৬০০ খ্ৰীষ্টপূৰ্বতেই আৰম্ভ হোৱা বুলি জনা যায়। আন এক সূত্ৰৰ মতে মায়া সভ্যতা খ্ৰীষ্টপূৰ্ব ১৮০০ শতিকাত প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলতহে আৰম্ভ হোৱা বুলি জনা যায়। মায়া সভ্যতা অষ্টমৰ পৰা নৱম শতিকাৰ ভিতৰত ধ্বংসপ্ৰাপ্ত হয় বুলি ইতিহাসে কয়।
মায়া সভ্যতাৰ কৰ্মসংস্কৃতিৰ বিষয়ে সংক্ষেপে ক’বলৈ হলে, তেওঁলোক বিভিন্ন ধৰ্মীয় স্মৃতিসৌধ, মন্দিৰ নিৰ্মাণ তথা ভাস্কৰ্য্য, অংকন ইত্যাদিৰ লগত জড়িত হৈ থকাৰ উপৰিও জ্যোতিৰ্বিদ্যা তথা জ্যোতিষশাস্ত্ৰৰ অধ্যয়নতো নিপুণ আছিল। তেওঁলোকৰ জ্যোতিষশাস্ত্ৰৰ প্ৰমাণ হ’ল ‘মেচ’আমেৰিকান দীঘলীয়া গণনাৰ কেলেণ্ডাৰ ’আৰু এই কেলেণ্ডাৰেই হৈছে বহু চৰ্চিত মায়া কেলেণ্ডাৰ।এই কেলেণ্ডাৰৰেই অন্তিম দিনটো হৈছে ২০১২ চনৰ ২১ ডিচেম্বৰ অৰ্থাৎ শেষ বিচাৰৰ দিন।
আতংকৰ কাৰণ কি ?
হলিউডৰ এক বহু চৰ্চিত চলচিত্ৰ ‘২০১২’ৰ মুক্তিৰ পিচৰ পৰাই সমগ্ৰ বিশ্বৰ জনতা শংকিত হৈ উঠে। ‘২০১২’ ছবিখনৰ পৃথিৱী ধ্বংসৰ দৃশ্যবোৰ সঁচাকৈ শিহৰণকাৰী। আনপিনে, মায়া সভ্যতাৰ ‘মেচ’আমেৰিকান দীঘলীয়া গণনাৰ কেলেণ্ডাৰ’ৰ অন্তিম দিন ২১ ডিচেম্বৰ, ২০১২ চন। সকলোপিনে মাথোঁ এটাই কথা, পৃথিৱী ধ্বংস হোৱাৰ দিন সমাগত।
বিভিন্ন দাৰ্শনিক, বিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানীয়ে যুক্তি প্ৰদৰ্শন কৰিছে। কোনোৱে যদি সপক্ষে, কোনোৱে বিপক্ষে। আহকচোন আমিও এবাৰ চকু ফুৰাই চাওঁ। সঁচাকৈ জানো পৃথিৱী ধ্বংস হব।
ধৰ্মগ্ৰন্থ সমূহেনো কি কয় ?
বিভিন্ন ধৰ্মগ্ৰন্থই পৃথিৱী ধ্বংস হোৱাৰ বিষয়ে বিভিন্ন মত পোষণ কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য খ্ৰীষ্টান আৰু হিন্দু ধৰ্মগ্ৰন্থসমূহ। খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ বাইবেলৰ অন্তিম অধ্যায়ত লিখা আছে বিচাৰৰ দিনৰ (Judgment Day) বিষয়ে, যাক Armageddon বুলি কোৱা হয় অৰ্থাৎ ভগৱানৰ সেনাৰ লগত চয়তানৰ অন্তিম যুদ্ধ। এই যুদ্ধত ভগৱানৰ সেনাই পৃথিৱীৰ পৰা চয়তানৰ সাম্ৰাজ্যৰ পতন ঘটাব। আনহাতে হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ আছে যে কলিযুগৰ অন্তিম ক্ষণত ভগৱান বিষ্ণুয়ে কল্কি অৱতাৰ ধাৰণ কৰিব আৰু বগা ঘোঁৰাৰ পিঠিত উঠি হাতত ধূমকেতু সদৃশ তৰোৱাল লৈ অশুভ শক্তি দমন কৰিব। এই দুয়োখন ধৰ্মগ্ৰন্থৰ মতে এই সময় সমাগত আৰু ঘোৰ কলিযুগৰ অৱসান এনেকৈয়েই ঘটিব। সেয়ে ধৰ্ম-কৰ্মৰ লগত জড়িত লোকসকলে ২০১২ৰ ঘটনাসমূহৰ সত্যতা দাবী কৰিছে।
কিন্তু, আধ্যাত্মিক চিন্তাধাৰাৰ পৰা ফালৰি কাটি আহি আহকচোন এই পৰিঘটনাক বিজ্ঞানৰ দৃষ্টিৰে চাওঁ।
বিজ্ঞানে কি কয় ?
বিজ্ঞানীসকল এতিয়া দুই ভাগত বিভক্ত হৈছে। কোনোৱে যদি কাৰণ দৰ্শাইছে সপক্ষে, কোনোবাই বিপক্ষে। পৃথিৱী ধ্বংস হোৱা নোহোৱাৰ ওপৰত আগবঢ়োৱা বিভিন্ন যুক্তিসমূহ এনেধৰণৰ :-
১) পৃথিৱীৰ মেৰু পৰিবৰ্তন :
পৃথিৱীখনক এটুকুৰা চুম্বকৰ লগত তুলনা কৰিব পাৰি। এটুকুৰা চুম্বকৰ যেনেকৈ দুটা মেৰু থাকে, পৃথিৱীৰো দুই মেৰু ক্ৰমে উত্তৰ আৰু দক্ষিণ মেৰু আছে। এই দুই মেৰুৰ মাজত থকা চুম্বকীয় ক্ষেত্ৰখনে আমাৰ পৃথিৱীক সুৰক্ষা প্ৰদান কৰি আহিছে। সূৰ্যৰ পৰা বিকিৰিত বিভিন্ন ঘাতক ৰশ্মি তথা কণা যেনে অতি বেঙুনীয়া ৰশ্মি ইত্যাদিয় ভূ-মণ্ডলত প্ৰবেশ কৰাৰ আগতেই এই চুম্বকীয় ক্ষেত্ৰৰ ফলত প্ৰতিফলিত হৈ আন দিশে গুছি যায়। এই চুম্বকীয় ক্ষেত্ৰ প্ৰতি ৭,৫০,০০০ বছৰৰ মূৰত এবাৰকৈ সালসলনি ঘটে বুলি একাংশ বিজ্ঞানীয়ে দাবী কৰিছে, আৰু তেওঁলোকৰ মতে ৮,০০,০০০ বছৰ আগতেই অন্তিম বাৰৰ কাৰণে এই সালসলনি ঘটিছিল। আমাৰ দুই মেৰু ক্ৰমে উত্তৰ মেৰু দক্ষিণ হোৱাৰ দিশত আৰু দক্ষিণ মেৰু উত্তৰ হোৱাৰ দিশত প্ৰতিবছৰে ২০-৩০ কিলোমিটাৰকৈ আগবাঢ়িছে আৰু এনেকুৱা এক সময় আহিব পাৰে, যেতিয়া হয়তো চুম্বকীয় ক্ষেত্ৰ প্ৰায় নোহোৱা হৈ পৰিব। সম্পূৰ্ণকৈ সালসলনি ঘটি পৃথিৱীত নতুনকৈ শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হ’বলৈ প্ৰায় ১০০ বছৰ লাগিব। এই সময়চোৱাত সূৰ্য্যৰ পৰা বিকিৰিত বিভিন্ন ঘাতক কণা-ৰশ্মিৰ প্ৰভাবত পৃথিৱী ধ্বংসপ্ৰাপ্ত হব।
এই ক্ষেত্ৰত ‘নাছা’ৰ(NASA) বৈজ্ঞানিক মহলে দিয়ে আন এক তথ্য। তেওঁলোকৰ মতে দুই মেৰুৰ সালসলনি প্ৰায় অসম্ভৱ। যদিওবা কোটি বছৰ পূৰ্বে এন্টাৰ্টিকা অক্ষৰেখাৰ আশে পাশে আছিল; এই কথাই প্ৰমাণ নকৰে যে, দুই মেৰুৰ সালসলনি ঘটাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। পৃথিৱীৰ বিভিন্ন মহাদেশৰ স্থান, আকাৰ, ইত্যাদিৰ বিভিন্ন সময়ত সলনি হৈ আহিছে। কিন্তু এই সালসলনি বহু হাজাৰ বছৰৰ মূৰতহে হয় আৰু ই পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণেই হয়। এই পৰিঘটনাই কোনো ধৰণৰ হানি কৰিব নোৱাৰে। বিশেষকৈ এটা নিৰ্দিষ্ট দিন যেনে ২১ ডিচেম্বৰত মেৰু পৰিবৰ্তন এক হাস্যকৰ কথা।
২) উল্কাপিণ্ডৰ খুন্দা :
একাংশই কব খোজে যে, ২০১২ চনত এটা প্ৰকাণ্ড উল্কাপিণ্ডই পৃথিৱীক খুন্দা মাৰিব, যাৰ ফলত পৃথিৱী ধ্বংস হব। ঠিক যেনেকৈ ৬৫ নিযুত বছৰ পূৰ্বে এক দৈত্যকায় উল্কাপিণ্ডৰ খুন্দাত পৃথিৱীৰ পৰা ডাইন’চৰাছৰ প্ৰজাতি বিলুপ্ত হৈ গৈছিল।
আনহাতে, বিভিন্ন বিজ্ঞানী মহল তথা জ্যোতিৰ্বিজ্ঞানীয়ে পৰীক্ষা-নিৰীক্ষা কৰি দেখিছে যে, এই সময়চোৱাত কোনো দৈত্যকায় উল্কাপিণ্ড পৃথিৱীৰ আশে-পাশে নাই। গতিকে শংকাৰ কোনো কাৰণ নাই। আৰু যিসকলে মায়া কেলেণ্ডাৰৰ উদ্ধৃতি দি কৈছে যে ২০১২ চনত উল্কাপিণ্ডৰ লগত পৃথিৱীৰ সংঘৰ্ষ হব, তেওঁলোকে জনা উচিত যে, উল্কা বা ধূমকেতুৰ গতি কল্পনাতীত, কিছুমানৰ প্ৰায় আলোকবৰ্ষ হিচাপত। গতিকে মায়া সভ্যতাই কেনেকৈ ১২০০ বছৰ আগতেই ভৱিষ্যতবাণী কৰিব পাৰে। আজি অত্যাধুনিক আহিলা ব্যৱহাৰ কৰিও সেয়া সম্ভৱ নহয়।
৩) সৌৰ ধুমুহা :
সৌৰ ধুমুহানো কি ?
সূৰ্য্যৰ বুকুত সকলো সময়তে ৰাসায়নিক-পাৰমাণৱিক ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থাকে। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন কণা-ৰশ্মি ইত্যাদিয়ে ক্ষীপ্র গতিৰে পৃথিৱী-পৃষ্ঠক আৱৰি থকা চুম্বকীয় ক্ষেত্ৰত আঘাত হানে। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰ স্বাভাৱিক কালচক্ৰৰ মাধ্যমেৰে পৰিঘটিত হয় যদিও কেতিয়াবা ইয়াক প্ৰকোপ বৃদ্ধি পায়, যাৰ ফলত প্ৰচুৰ পৰিমাণে ঘাতক কণা-ৰশ্মিয়ে পৃথিৱীক আঘাত কৰে। ইয়াকেই সৌৰ ধুমুহা বুলি কোৱা হয়। এচাম বিজ্ঞানীয়ে ব্যক্ত কৰে যে, আজি কিছু বছৰৰ পৰা এই সৌৰ ধুমুহাৰ প্ৰকোপ লক্ষণীয় ভাবে বৃদ্ধি পাইছে আৰু ই আমাৰ কেতবোৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ লগতে কৃত্ৰিম উপগ্ৰহও বিকল কৰি আহিছে। এই সৌৰ ধুমুহা ২০১২ বৰ্ষত সৰ্বাধিক পৰ্য্যায় পাব আৰু আমাৰ সকলোবোৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ লগতে কৃত্ৰিম উপগ্ৰহক বিকল কৰি পেলাব।
আনহাতে, আগশাৰীৰ বিজ্ঞানী মহলে ব্যক্ত কৰা অনুসৰি, এয়া এক সূৰ্যৰ স্বাভাৱিক পৰিঘটনা আৰু প্ৰতি ১১ বছৰৰ মূৰত ই সৰ্বোচ্চ পৰ্য্যায় পায়। যদিওবা এই পৰিঘটনাৰ আগন্তুক কালচক্ৰ ২০১২-১৪ৰ ভিতৰত, তথাপিও এয়া হব তেনেই স্বাভাৱিক আৰু শংকাৰ কোনো কাৰণ নাই।
৪) গ্ৰহ ‘নিবিৰু’ৰ খুন্দা :
চামেৰিয়ান সভ্যতাই ভৱিষ্যতবাণী কৰিছিল যে, আমাৰ সৌৰজগতত ‘নিবিৰু’ নামৰ গ্ৰহ এটাৰ প্ৰৱেশ ঘটিব আৰু পৃথিৱীক খুন্দা মাৰিব। তীব্ৰ গতিত হানা এই আঘাতত পৃথিৱী টুকুৰা টুকুৰ হব। আৰু এই সময় সমাগত।
কিন্তু বৈজ্ঞানিক মহলে কয় যে, আচলতে ‘নিবিৰু’নামৰ গ্ৰহই পৃথিৱীক খুন্দা মৰাৰ কোনো সম্ভাৱনা নাই। আমোদজনক কথা যে, ‘নিবিৰু’গ্ৰহৰ খুন্দা আৰম্ভণিতে ২০০৩ চনত সংঘটিত হব বুলি ভৱিষ্যতবাণী কৰা হৈছিল। কিন্তু কোনোধৰণৰ ঘটনা সংঘটিত নোহোৱা বাবে ‘নিবিৰু’ই খুন্দা মৰাৰ দিনটো পিছুৱাই লৈ গৈ ২০১২ চনৰ ২১ ডিচেম্বৰ অৰ্থাৎ মায়া কেলেণ্ডাৰৰ অন্তিম দিনটোৰ লগত সংযোগ স্থাপন কৰি দিয়া হয়।
৫) পৃথিৱীৰ বৃহত্তম পৰমাণু গতিবৰ্ধন আহিলা :
ইউৰোপ মহাদেশৰ কিছুসংখ্যক বিজ্ঞানীয়ে সাজি উলিয়াইছে পৃথিৱীৰ সৰ্ববৃহৎ পৰমাণু গতিবৰ্ধন আহিলা। এই আহিলা হ’ল ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক সুৰংগ। ‘হেড্ৰ’ন’ আৰু ‘বসন’ কণিকাৰ মাজত ক্ৰিয়া ঘটাই প্ৰস্তুত কৰা হব এক ক্ষুদ্ৰ মানৰ মহাকাশ। কিছুসংখ্যক বিজ্ঞানীৰ মতে এই পৰীক্ষা মুঠেও নিৰাপদ নহয়। এই পৰীক্ষাৰ ফলত যথেষ্ট শক্তিৰ উদ্ভৱ হব আৰু কৃষ্ণ গহ্বৰৰ সৃষ্টি হব আৰু ই পৃথিৱী ধ্বংসৰ অন্যতম কাৰণ হব। এই পৰীক্ষা যদিওবা বহুদিনৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছে, পূৰ্ণাংগ পৰ্য্যায় পাব ২০১২ চনৰ শেষ ভাগত।
তথাপিতো পৃথিৱীৰ যথেষ্ট সংখ্যক ব্যক্তিয়ে এই পৰীক্ষাৰ বিৰোধিতা কৰিছে। বিশেষকৈ যেতিয়া এই পৰীক্ষা আৰম্ভ হওঁতেই বিফল হৈ গৈছিল আৰু এই পৰীক্ষাৰ লগত জড়িত বিজ্ঞানীয়ে কৈছিল যে, যদিহে এই পৰীক্ষাত কিবা সাংঘাতিক বিজুতি ঘটে, হয়তো পৃথিৱীৰ কিঞ্চিৎ পৰিমাণৰ হলেও হানি হব আৰু সেয়া হব এক দুৰ্ভাগ্য।আনহাতে এই পৰীক্ষাৰ লগত জড়িত বিজ্ঞানী সকলে দাবী কৰিছে যে, এই পৰীক্ষাৰ ফলত কোনো ধৰণৰ হানি নহয়। এই পৰীক্ষা বিশ্ব-ব্ৰহ্মাণ্ডৰ কৃষ্ণ পদাৰ্থ তথা শক্তি, যিয়ে ৯৬ শতাংশ অধিকাৰ কৰি আছে, তাৰ বিভিন্ন আচৰণ বিধি নিৰীক্ষণৰ কাৰণেই কৰা হৈছে। এই পৰীক্ষাৰ ফলত অতি ক্ষুদ্ৰ মানৰহে কৃষ্ণ গহ্বৰৰ সৃষ্টি হব, যি হব বহুতো নতুন আৱিষ্কাৰৰ কাৰক।
৬) দৈত্যকায় আগ্নেয়গিৰি :
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ইয়েল্ল’ষ্টন ৰাষ্ট্ৰীয় উদ্যান’ৰ বিশেষত্ব হ’ল, এই উদ্যান পৃথিৱীৰ সৰ্ববৃহৎ আগ্নেয়গিৰি উদ্গিৰণ ক্ষেত্ৰৰ ওপৰত অৱস্থিত। এই আগ্নেয়গিৰি প্ৰতি প্ৰায় ৬,৫০,০০০ বছৰৰ মূৰত এবাৰকৈ উদ্গিৰণ হয় বুলি একাংশ বিজ্ঞানীয়ে দাবী কৰে। এই সময়সীমা উকলি যোৱা আজি বহুত বছৰ পাৰ হৈ গৈছে। তেওঁলোকে লগতে ইয়াকো কয় যে, এই আগ্নেয়গিৰি ২০১২ চনৰ শেষৰ ভাগত উদ্গিৰণ হব। যদিহে এই
পৰিঘটনা সত্য হয়, তেন্তে অহা ১৫,০০০ বছৰলৈ পৃথিৱীখন বৰফ-পিণ্ডলৈ ৰূপান্তৰ হব।
আনহাতে, বিভিন্ন বিজ্ঞানী, ভূতত্ববিদ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী প্ৰতিনিধিয়ে কৈছে যে, যোৱা ৩০ বছৰত এই উদ্যানৰ বিশেষ কোনো পাৰ্থক্য চকুত পৰা নাই। এই আগ্নেয়গিৰি উদ্গিৰণৰ বহুত দিন পূৰ্বৰে পৰাই বিভিন্ন গতি-বিধি ফুটি উঠিব যেনে, ভূ-পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বৃহৎ ভূমিকম্প ইত্যাদি। কিন্তু, লক্ষণীয়ভাৱে তেনে কোনো গতি-বিধি ফুটি উঠা নাই। এতিয়ালৈকে এই আগ্নেয়গিৰি ৩ বাৰ উদ্গিৰণ হৈছে যদিও তিনিওবাৰৰ সময়ৰ ব্যৱধান সমান নহয়। গতিকে কেতিয়া উদ্গিৰণ ঘটিব, সেয়া কোৱা অসম্ভৱ।
শংকাৰ কোনো কাৰণ নাই :
এখনি ব্যৱসায়িক ভাবে সফল চলচিত্ৰই পৃথিৱীৰ জনতাক ভীতিগ্ৰস্ত কৰি তুলিছে। মায়া সভ্যতাৰ কেলেণ্ডাৰ ২০১২ চনৰ ২১ ডিচেম্বৰত শেষ হৈছে, কিন্তু ই ইয়াকে নুবুজায় যে ২১ ডিচেম্বৰেই পৃথিৱীৰ শেষ দিন। এয়া এক ‘লং কাউন্ট কেলেণ্ডাৰ’ অৰ্থাৎ দীঘলীয়া গণনাৰ কেলেণ্ডাৰ, যাৰ শেষ দিন ২০১২ চনৰ ২১ ডিচেম্বৰ, ঠিক যেনেকৈ আমাৰ বছৰেকীয়া কেলেণ্ডাৰৰ শেষ দিন ৩১ ডিচেম্বৰ। আকৌ এক দীঘলীয়া (১৮,৭২,০০০ দিনীয়া) মায়া কেলেণ্ডাৰ আৰম্ভ হব ২১ ডিচেম্বৰৰ পিচত। গ্ৰহ নক্ষত্ৰৰ গতি-বিধিৰ ওপৰত ভিত্তি কৰি কেলেণ্ডাৰ তৈয়াৰ কৰা হয়, সেয়া লাগিলে ১৮,৭২,০০০ দিনীয়া মায়া কেলেণ্ডাৰেই হওক বা আমাৰ ৩৬৫ দিনীয়া কেলেণ্ডাৰেই হওক। গতিকে মায়া কেলেণ্ডাৰৰ শেষ দিনটোত পৃথিৱী ধ্বংস হ’ব বুলি ভবাটো ভুল ধাৰণা।
আনহাতে, দেখা গ’ল যে, পৃথিৱী ধ্বংস হব বুলি যিবোৰ বৈজ্ঞানিক যুক্তি দেখুওৱা হৈছে, তাৰে সৰহ সংখ্যকেই ভিত্তিহীন। কিন্তু বৃহত্তম পৰমাণু গতিবৰ্ধন আহিলা সঁচাকৈয়ে এক প্ৰত্যাহ্বান। যদিওবা ভূ-পৃষ্ঠৰ ৩৩০ ফুট গভীৰতাত এই আহিলা স্থাপন কৰা হৈছে, তথাপিও এক ক্ষুদ্ৰ বিজুতিৰ পৰা ফিৰিঙতিৰ পৰা খাণ্ডৱ-দাহ নুই কৰিব নোৱাৰি। ইয়াৰ ব্যাখ্যা আমাৰ সীমিত বুজনিৰে আগবঢ়োৱা টান। যদিহে এই পৰীক্ষা ঘাতক হয়, সেয়া দুৰ্ভাগ্য মাথোঁ। আনহাতে, ‘নিবিৰু গ্ৰহ’ এক বিতৰ্কিত গ্ৰহ, যাৰ বিষয়ে সংক্ষেপে কোৱা অসম্ভৱ। অনাগত দিনত এই গ্ৰহৰ লগত পৰিচয় দিয়াৰ চেষ্টা কৰা হব ।
সুন্দৰ লেখা... ভাল লাগিল
ReplyDeleteধন্যবাদ।
Deleteসুন্দৰ লেখা
ReplyDelete